ABOUT US

অসমৰ গৌৰৱোজ্জল ইতিহাসত গৰীয়া সকলৰ এক সুকীয়া স্থান আছে । অসম বুৰঞ্জীৰ পৃষ্ঠাই পৃষ্ঠাই যি সমূহ খিলঞ্জীয়া জনগোষ্ঠীৰ সাহস, বীৰত্ব আৰু কৰ্মনিষ্ঠাৰ কথা উল্লেখ আছে সেই সকলৰ ভিতৰত গৰীয়া সকলো অন্যতম । আহোম ৰাজত্বৰ কালত ৰজাঘৰীয়াৰ অতি বিশ্বাসভাজন বুলি খ্যাত গৰীয়া সকলে ইংৰাজ ঊপনিৱেশ শাসনৰ সময়ৰ পৰা ক্ৰমান্বয়ে নিজৰ স্বক্ৰীয় পৰিচয় হেৰুৱাৰ উপক্ৰম হয় । স্বাধীনোত্তৰ ভাৰতত অসমলৈ হোৱা অবাধ দেশী বিদেশী প্ৰব্ৰজনৰ ফলত সংখ্যাত তাকৰ গৰীয়া সকল সংকটত গৰাহত পৰিছে । মোমাই তামুলী বৰবৰুৱাদেৱৰ সৃষ্টি অসমীয়া সমাজৰ গুৰুত্বপুৰ্ণ জনগোষ্ঠী গৰীয়া সকল আজি ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি সৰ্বদিশতে অৱহেলিত, নিষ্পেষিত আৰু বঞ্চিত । ৰাজনৈতিক মেৰপেঁচেৰে গৰীয়া সকলক সংখ্যালঘু সংজ্ঞাত অন্তৰ্ভুক্ত কৰি প্ৰব্ৰজনকাৰী ইছলামধৰ্মী সকলৰ সৈতে একাকাৰ কৰাত সংখ্যাধিক্য প্ৰব্ৰজনকাৰী তুলনাত তেনেই নগন্য গৰীয়া সকল আজি বাৰুকৈয়ে উপেশিত আৰু বঞ্চিত । গৰীয়াৰ লগতে অনান্য খিলঞ্জীয়া ইছলামধৰ্মী সকলৰ সৰ্বাংগীন উন্নতিৰ বহু দল সংগঠন জন্ম হৈছে যদিও কেৱল গৰীয়াৰ স্বাৰ্থৰ হকে প্ৰকৃতাৰ্থত এক সুকীয়া সংগ্ৰাম অতিকে প্ৰয়োজন বুলি অনুভৱ কৰি অসমৰ বহু অৰাজনৈতিক, ৰাজনৈতিক দল সংগঠনত আগতে কাৰ্যনিৰ্বাহ কৰা বহু ব্যক্তিৰ লগতে উচ্চ শিক্ষিত গৰীয়া যুৱক যুৱতীৰ এক প্ৰচেষ্টাত ২০২১ চনৰ জানুৱাৰী মাহৰ ২৮ তাৰিখে সদৌ অসম গৰীয়া জাতীয় পৰিষদ প্ৰতিষ্ঠা কৰা হয় ।