History of Goria
গৰীয়া এটা অসমীয়া শব্দ। ইয়াৰ অৰ্থ বিভিন্নজনে বিভিন্ন ধৰনে দিছে। অসমীয়া অভিধান মতে গৰীয়া শব্দৰ অৰ্থ হৈছে এলাগী হোৱা, বেকা নোহোৱা, ভালকৈ ভাঁজ নোলোৱা বা নুফুটা, বাদ পৰা, আছুতীয়া আৰু অসমীয়া মুছলমান ইত্যাদি। গৰীয়া শব্দৰ অভিধানিক অৰ্থৰ সমৰ্থিত কিছুমান ব্যৱহাৰিক বাক্য অসমীয়া সমাজত সদা প্ৰচলিত হৈ আহিছে, যেনে গৰীয়া ধান কেইটা, গৰীয়া পৰা ইত্যাদি । কিন্তু কালক্ৰমত এই গৰীয়া শব্দটো অসমৰ এটা খিলঞ্জীয়া জনগোষ্ঠী হিচাপে পৰিচিত হৈ পৰিল। আহোম অহাৰ আগৰেপৰা গৰীয়াৰ উপস্থিতিৰ কথা অসম বুৰঞ্জীত উল্লেখ আছে। সৌমাৰপীঠত প্ৰৱেশ কৰোঁতে চাওলুং ছুকাফাই গৰীয়া বোলা পলৰীয়া মানুহ এঘৰ (মানে এজন মানুহৰ পুত্ৰ-পৰিবাৰ সহিতে পৰিয়াল) লগ পাই লগত আনিছিল । ছুকাফাই বাটত পাই লগত অনা গৰীয়া বোলা মানুহজনৰ সতি-সন্ততি তথা নাতি-পুতিক ছুকাফাদেৱৰ নাতি চুবিনফা ৰজাদেৱে চইজৰি বঁটা দি নাম দিলে চেংচাই আৰু তেওঁলোকক বেজিৰ কামো কৰিবলৈ দিলে । তেওঁলোকক বকতাত সংস্থাপিত কৰি বকতীয়াল বুলিলে । চেংচাই প্ৰকৃততে এজন ব্যক্তি নহয় আৰু চাওলুং ছুকাফাই লগ পোৱা গৰীয়াজনো নহয় । প্ৰকৃততে ছুকাফাই লগ পোৱা গৰীয়াজনৰ পৰৱৰ্তী বংশধৰক (নাতি-পুতিক) হে চেংচাই বোলা হৈছিল । এই কথা হিতেশ্বৰ বৰবৰুৱাদেৱৰ ঐতিহাসিক গ্ৰন্থ "আহোমৰ দিন"ত উল্লেখ আছে৷ চেংচাইৰ পৰিয়াল (গৰীয়া) তেতিয়া ইছলাম ধৰ্মী নাছিল। তাহানিতে গৰীয়াসকল বিভিন্ন জনগোষ্ঠীৰ যেনে- মৰান, মটক, বৰাহী, চুতীয়া, কোচ, আহোম, কছাৰী, মেছ আদি লোক আছিল । প্ৰাচীনকালত সৌমাৰপীঠ বিভিন্ন জনজাতীয় লোকৰ বাসস্থান আছিল ৷ অসমত হিন্দু ধৰ্মই প্ৰসাৰতা লাভ কৰাৰ সময়ত এই জনজাতীয় লোক সকলৰ মাজৰ চুতীয়াসকলে প্ৰথমে হিন্দু ধৰ্ম গ্ৰহন কৰিছিল আৰু পাছলৈ লাহে লাহে আন জনগোষ্ঠীসমুহৰ মাজতো হিন্দু ধৰ্মই প্ৰসাৰতা লাভ কৰে। কিন্তু সেয়া হ'লেও একোখন গাঁৱৰ কিছু মানুহে হিন্দু ধৰ্ম গ্ৰহন নকৰি পূৰ্বৰ দৰে প্ৰকৃতিৰ উপাসনা কৰা স্থিতিত থাকি গৈছিল, সেই মানুহসকল লাহে লাহে হিন্দু ধৰ্ম গ্ৰহণ নকৰাৰ কাৰণে নিজৰ সমাজখনতে এলাগী হ'বলৈ ধৰিলে, ফলত তেওঁলোক নিজৰ বাসস্থান এৰি সেই গাঁৱ সমুহৰ ওচৰতে বসতি স্থাপন কৰি বসবাস কৰিবলৈ ল'লে। সেই মানুহখিনিক তেওঁলোকৰ পূৰ্বৰ গাঁৱৰ লোকসকলে গৰীয়া পৰা, এলাগী হোৱা লোক বুলি কৈছিল আৰু সেই 'গৰীয়া পৰা' শব্দৰ পৰা লাহে লাহে গৰীয়া শব্দৰ সৃষ্টি হ'ল, যি কালক্ৰমত এটা নিদিষ্ট জনগোষ্ঠীক বুজোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হ'বলৈ ধৰিলে। এই গৰীয়া লোকসকল আৰম্ভণিতে ইছলামধৰ্মী নাছিল। কিন্তু পিছত অসম ভুমিলৈ অহা ইছলাম ধৰ্মীয় ছুফী সাধকসকলৰ প্ৰচাৰত আকৃষ্ট হৈ এই গৰীয়া পৰা লোকসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰে। বিশেষকৈ আজান ফকিৰ(ছাহ মিলান) য়ে প্ৰচাৰ কৰা ইছলামৰ বাণীত আকৰ্ষিত হৈ এক বুজন সংখ্যক গৰীয়া পৰা লোক ইছলামত দীক্ষিত হয়। এইজনা আজান পীৰ চাহেবে অসমীয়া জিকিৰ আৰু জাৰি আদি ভক্তিমুলক গীতৰ সৃষ্টি কৰি অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে । অসমৰ গৰীয়া সমাজখনত আজান পীৰ চাহাবৰ ধৰ্মীয় সহনশীলতাৰ বাণীৰ চানেকি ভালকৈয়ে পৰিলক্ষিত হয়। এনেকৈয়ে অসমত 'গৰীয়া পৰা' মানুহৰ পৰা খিলঞ্জীয়া ইছলামধৰ্মী গৰীয়া জনগোষ্ঠীৰ সৃৃষ্টি হয়। ছুফী সাধকসকলে প্ৰচাৰ কৰা ধৰ্মীয় বাণীত আকৃষ্ট হয় কিছু হিন্দু ধৰ্মাৱলম্বী স্থানীয় জনজাতীয় আৰু অজনজাতীয় লোকেও ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। যি সকল হিন্দুধৰ্মী লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল তেওঁলোকক, তেওঁলোকৰ গাঁৱৰ সমাজ সমূহে এলাগী কৰিছিল, সেই নতুনকৈ ধৰ্মান্তৰিত অসমীয়া হিন্দু লোক সকলো গৰীয়া জনগোষ্ঠীত জাহ গৈছিল। সৌমাৰপীঠৰ দৰে বৰ্তমানৰ নামনি অসমো গৰীয়া জনগোষ্ঠীৰ অন্যতম বাসস্থান। গুৱাহাটীকে কেন্দ্ৰ কৰি নামনি অসমৰ এক বৃহৎ অংশ প্ৰায় ৭০ বছৰলৈকে দিল্লীৰ চুলতান শাসক সকল আৰু মোগলৰ অধীনত আছিল। সেই সময়ত নামনি অসমতো বৃহৎ সংখ্যক ছুফী সাধকৰ আগমন ঘটিছিল, তেওঁলোকে প্ৰচাৰ কৰা ধৰ্মীয় বাণীত আকৃষ্ট হৈ এক বুজন সংখ্যক স্থানীয় লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে- হাজোৰ ওচৰৰ কলিতাকুঁচি তেনে এখন ধৰ্মান্তৰিত গৰীয়া গাওঁ, তেওঁলোকক স্থানীয় ভাৱে গৰীয়া বুলি কোৱা হৈছিল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াদেৱৰ ৰচিত "অসমীয়া মানুহৰ ইতিহাস" নামৰ গ্ৰন্থত এইবিষয়ে উল্লেখ আছে। হাজোৰ হজৰত গিয়াছউদ্দিন আউলিয়াৰ মাজ্বাৰ আৰু পোৱামক্কা সেই সময়তে নিৰ্মিত। আহোম সাম্ৰাজ্যৰ জয়-জয় কাৰ অৱস্থাত আহোম স্বৰ্গদেউসকলে তেওঁলোকৰ ৰাজকাৰ্য পৰিচালনা কৰিবলৈ অসমৰ বাহিৰৰ পৰা বিভিন্ন কাৰিকৰী বিদ্যাত পাৰ্গত লোকক অসমলৈ আনিছিল আৰু সেই লোকসকলে অসমৰে গৰীয়া লোকসকলৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰি এই গৰীয়া সমাজৰ লগত জীন যায়। তাৰ উপৰিও অসমত বিভিন্ন সময়ত অহা ছুফী সাধক সকলেও অসমৰ স্থানীয় ছোৱালী বিয়া পাতি অসমত থাকি যায়, তেওঁলোকৰ সতি-সন্ততি সকলেও স্থানীয় গৰীয়া সমাজখনৰ লগত এটা সময়ত জাহ যায়। অসমলৈ অহা ছুফী সাধকসকলৰ বংশধৰ সকলৰ বহুতে নিজৰ নামৰ আগত 'ছৈয়দ' শব্দৰ ব্যৱহাৰ কৰে আৰু সেয়ে তেওঁলোকক ছৈয়দ বুলিও জনা যায় ৷ ইয়াৰ উপৰিও স্বৰ্গদেউ ৰুদ্ৰসিংহ (স্বৰ্গদেউ চুখ্ৰুংফা) ৰ দিনত কাৰিকৰী দিশত উন্নতিৰ বাবে ৮ ঘৰ মানুহক অসমত থিতাপি দিছিল ৷ সেই ৮ ঘৰ লোক আছিল- ১) ফাৰ্ছীপঢ়ীয়া, ২) আখৰকটীয়া, ৩) শিলাকটীয়া, ৪)গুণাকটীয়া, ৫) খনিকৰ, ৬) দৰ্জ্জী, ৭) নেগেৰীয়া, আৰু ৮) জোলা বা জোলহা বা তাঁতী (চাহ জনগোষ্ঠীৰ জলহা নহয়)। এই লোকসকলক যদিও বাহিৰৰ পৰা কাৰিকৰী দিশত উন্নতিৰ বাবে অসমলৈ অনা হৈছিল, তথাপিও তেওঁলোকে স্থানীয় গৰীয়া সমাজখনত জাহ গৈ গৰীয়াকৰণ হৈছে আৰু এইদৰে তেওঁলোক বৰ্তমান গৰীয়া জনগোষ্ঠীৰ এক অন্যতম অংগ হৈ পৰিছে। অসমৰ গৰীয়া জনগোষ্ঠীৰ ৯০% লোক স্থানীয় বিভিন্ন জনগোষ্ঠীৰ পৰা 'গৰীয়া পৰি' পিচত ইছলাম ধৰ্ম গ্ৰহণ কৰা লোক আৰু বাকী ১০% লোক হৈছে আহোম স্বৰ্গদেউসকলৰ দিনত বিভিন্ন কাৰণত অসমলৈ অনা পৰিয়াল। এইখিনিতে উল্লেখ কৰিব পাৰি যে অসমৰ সমাজ ব্যৱস্থা আৰু জাতীয় জীৱনত গৰীয়া সকলৰ এক লেখত ল'বলগীয়া অবদান আছে। গৰীয়া সকল ইছলামধৰ্মী হোৱাৰ পিছতো দিল্লীৰ মোগল সকলৰ অসম আক্ৰমনৰ সময়ত স্বধৰ্মী মোগলৰ পক্ষ নলৈ নিজ দেশ আৰু স্বজাতিৰ স্বাৰ্থত মোগলৰ বিৰূদ্ধেহে হেংদাং দাঙি লৈছিল, যাৰ বাবে মোগল সেনাপতি মিৰজুমলাৰ লগত অহা লিপিৱদ্ধকাৰ ছাহাবুদ্দিন তালিচে গৰীয়া সকলক নামতহে মুছলমান বুলি মনৰ ক্ষোভ উজাৰিছিল। আহোমৰ আটাইতকৈ ঘাতক টোপ 'ৰিপুঞ্জয়'ৰ নিৰ্মাতা গেন্ধেলা গৰীয়া (শিৱসাগৰ) এজন গৰীয়া জনগোষ্ঠীৰ লোক আছিল, অবিভক্ত শিৱসাগৰ জিলাৰ চূণপুৰাৰ চুলতান গৰীয়া; যি গড়গাঁৱৰ পদুলিত মিৰজুমলাৰ সেনাক হেংদাং দাঙি বাধা দিবলৈ চেষ্টা কৰিছিল- তেৱো গৰীয়া আছিল। শৰাইঘাটৰ অন্যতম যোদ্ধা বাঘ হাজৰিকা (ইছমাইল ছিদ্দিকি), ভকুৱা গৰীয়া (অবিভক্ত শিৱসাগৰ) আদি গৰীয়া জনগোষ্ঠীৰ লোক আছিল। আহোম শাসনৰ শেষৰজন সেনাধ্যক্ষ “ৰমজান খাঁ হিলৈধাৰী বৰুৱা” (অবিভক্ত শিৱসাগৰ) ও গৰীয়া জনগোষ্ঠীৰে আছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ দুই মুখ্য কাণ্ডাৰী বাহাদুৰ গাওঁবুঢ়া আৰু শ্বেখ ফৰমুদ আলিয়ো (যোৰহাট) গৰীয়া আছিলে। উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আব্দুল মজিদ (যোৰহাট) এজন গৰীয়া আছিল। অসমীয়া প্ৰথম ডক্টৰেট উপাধী পোৱা মইদুল ইছলাম বৰা (শিৱসাগৰৰ, জেঙনিকটীয়া) গৰীয়া জনগোষ্ঠীৰ আছিল। আজাদ হিন্দ ফৌজত জড়িত হৈ ছহীদ হোৱা একমাত্ৰ অসমীয়া নৱাব চেহিদুৰ ৰহমান (যোৰহাট) গৰীয়া জনগোষ্ঠীৰ আছিল। ভাৰতৰ একমাত্ৰ অসমীয়া ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ (গোলাঘাটৰ কছাৰীহাট) গৰীয়া আছিল। প্ৰথম অসমীয়া M.D. কৰ্নেল জালনুৰ আলি আহমেদো (ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ পিতৃ) গৰীয়া আছিল। মাধ্যম আন্দোলনৰ প্ৰথম ছহীদ মোজ্জামিল হক (দৰং, মঙ্গলদৈ) গৰীয়া জনগোষ্ঠীৰ লোক আছিল। ক্ৰীড়া জগতত অসমক প্ৰতিনিধিত্ব কৰি সমগ্ৰ বিশ্বতে অসমৰ নাম জিলিকাই তোলা আৰু লগতে লং টেনিছ, ফুটবল, ক্ৰিকেট আদি খেলত অনবদ্য প্ৰদৰ্শন আগবাঢ়োৱা আৰু ফুটবল তথা ক্ৰিকেট দুয়োবিধ খেলতে সন্তোষ ট্ৰফী আৰু ৰঞ্জি ট্ৰফীত অসমৰ দলক নেতৃত্ব প্ৰদান কৰি এক বিৰল কৃতিত্বৰ গৰাকী আৰু সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেছনৰ সভাপতিৰ পদ অলংকৃত কৰা একমাত্ৰ অসমীয়া অবিভক্ত নগাঁৱত জন্ম গ্ৰহণ কৰা নুৰুল আমিনো গৰীয়া জনগোষ্ঠীৰে সন্তান ৷ অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা টাইমুৰ (যোৰহাট) আৰু প্ৰথম মহিলা সাংসদ বেগম মফিদা আহমেদ (যোৰহাট) গৰীয়া জনগোষ্ঠীৰ মহিলা আছিল। বিখ্যাত যাদু সম্ৰাট এম হুছেইন , ইংলিচ চেনেল সাঁতুৰি পাৰ হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন সাঁতোৰবিদ এলভিচ আলী হাজৰিকা আদি গৰীয়া জনগোষ্ঠীৰে ৷ গৰীয়া অসমৰ এটা খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ আচাৰ-ব্যৱহাৰ, কৃষ্টি-সংস্কৃতি, পৰম্পৰা আদি অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠী সমুহৰ পৰা পৃথক নহয় ৷ একমাত্ৰ ধৰ্মীয় দিশটোৰ বাহিৰে ভাৰত বা বিশ্বৰ কোনো মুছলমানৰ লগত গৰীয়া সকলৰ সাংস্কৃতিক, ভাষিক আৰু মিল ক্ষেত্ৰত মিল বা সাদৃশ্য নাই ৷