OUR DEMANDS

ক) কৃষি প্ৰধান ৰাজ্য অসমৰ আদি বাসিন্দা সকলৰ ভুমি অধিকাৰ সুৰক্ষিত কৰিবলৈ ভূমিৰ ক্ৰয়, বিক্ৰী আৰু হস্তান্তৰৰ ক্ষেত্ৰত এক নতুন আইন প্ৰণয়ন কৰক । খ) ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কাৰ্যকৰী কৰি অসমৰ প্ৰতিজন বিদেশী লোকক বিতাৰণ কৰাৰ ব্যৱস্থা কৰক । গ) অসমৰ আদি বাসিন্দা গৰীয়া সকলক মৰিয়া সকলৰ দৰে পিছ পৰা শ্ৰেণী (OBC) ৰ অন্তৰ্ভুক্ত কৰক । ঘ) চৰকাৰীভাৱে গৰীয়া আৰু আন খিলঞ্জীয়া ইছলামধৰ্মী লোক সকলৰ সুকীয়া জৰীপ কৰি চিনাক্ত কৰক । ঙ) প্ৰব্ৰজনকাৰী মুছলমান বুলি সন্দেহ বা ভুলবশত গৰীয়া সকলৰ বিৰুদ্ধে যাতে ডি ভোটাৰ বা বিদেশী গোছৰ ৰুজু নহয় তাৰ বাবে এক সুনিদ্ধাৰিত কাৰ্যপদ্ধতি কাৰ্যকৰী (SOP) কৰাৰ ব্যৱস্থা কৰক । চ) অসমৰ সাতামপুৰুষীয়া সমাজ ব্যৱস্থাত সমন্বয়ৰ প্ৰতীক পীৰ আজান ফকীৰ চাহেবৰ নামত এক প্ৰকল্প স্থাপন কৰা আৰু তেখেতৰ নামত অসমৰ সকলো বিশ্ববিদ্যালয়তে দুখনকৈ আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক । ছ) আহোম আৰু কোঁচ ৰজা, উপনিৱেশিক শাসনৰ পৰা বৰ্তমানলৈকে গৰীয়া বীৰ-বিৰঙ্গনা সকল যেনে- বাঘ হাজৰিকা, ৰমজান খাঁ হিলৈধাৰী বৰুৱা, ছৈয়দ ছেহিদুৰ ৰহমান, গুলে বেগম, ফটে খাঁ, ফৰমুদ আলি, বাহাদুৰ আলি গাওঁবুঢ়া, ছহিদ মোজাম্মিল হক আদিৰ স্মৃতি চৰকাৰীভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক । জ) অস্তিত্বৰ সংকটৰ দিশে ধাৱমান গৰীয়া সকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰিবলৈ অসমৰ মুঠ বিধান সভা সমষ্টিৰ ভিতৰত ন্যুনতম পাঁচটা সমষ্টি গৰীয়া সকলৰ বাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক ।

Aims and Objectives

ক) ব্ৰহ্মপুত্ৰ উপত্যাকাৰ চৌদিশে সিঁচৰতি হৈ থকা গৰীয়া সকলৰ মনত তেওঁলোকৰ ঐতিহাসিক পৰিচয়, খিলঞ্জীয়াৰ অধিকাৰ, অসমৰ জাতীয় জীৱনত তেওঁলোকৰ পুৰ্বপুৰুষ সকলৰ গৌৰৱোজ্জ্ল অৱদান আদিৰ বিষয়ে অৱগত কৰি সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰা । খ) গৰীয়া সকলৰ নৱ প্ৰজন্মৰ যুৱক-যুৱতী সকলক গৰীয়া বা অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠী সকলৰ ঐতিহাসিক পটভুমি, ৰাজনৈতিক, সাংস্কৃতিক অৱদান আদিৰ সম্যক ধাৰণা প্ৰদান কৰি অসমীয়া জাতীয়তাবাদক অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰা । গ) গৰীয়া সকলৰ সঠিক পৰিসংখ্যাৰ এখন তালিকা প্ৰস্তুত কৰি অসমৰ গৰীয়া আৰু অন্যান্য থলুৱা মুছলমানসকলৰ পৃথক লোকপিয়লৰ বাবে দাবীৰ তীব্ৰতা ত্বৰান্বিত কৰা । ঘ) ব্ৰহ্মপুত্ৰ উপত্যাকাত সিঁচৰতি হৈ থকা গৰীয়া সকলৰ আৰ্থ সামাজিক সবলীকৰণ কৰিবলৈ বৈজ্ঞানিক পদ্ধতিৰ কৃষি কৰ্ম আদিৰ জৰিয়তে সামৰ্থ অনুসৰি সহায় কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা । ঘ) হস্তশিল্প, কৃষি, পশু আৰু মীন পালন আদিৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে যুৱ প্ৰজন্মক সহায় কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। ঙ) নৱ প্ৰজন্মৰ গৰীয়া যুৱক-যুৱতী সকলৰ মাজত সাংস্কৃতিক স্বকীয়তাৰ সজাগতা বৃদ্ধি কৰি অসমীয়া কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সাজ-পোছাক আদিৰ এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰা । চ) অসমীয়া জাতীয় জীৱনলৈ গৰীয়া সকলৰ ঐতিহাসিক, সাংস্কৃতিক অৱদান সমূহৰ কথা প্ৰসাৰ আৰু প্ৰচাৰ কৰা । ছ) গৰীয়া যুৱক-যুৱতী সকলৰ মাজত আনুষ্ঠানিক, অনানুষ্ঠানিক শিক্ষাৰ লগতে কাৰিকৰি শিক্ষা আৰু ক্ৰীড়াৰ প্ৰতি ধ্যান আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা । জ) গৰীয়া সকলৰ সৰ্বদিশৰ উন্নতিৰ বাবে সংগ্ৰাম কৰা আন আন সংগঠনৰ সমূহৰ লগত প্ৰয়োজনত উমৈহতীয়া কাৰ্যসূচীত অংশ গ্ৰহণ কৰি গৰীয়া লগতে আন খিলঞ্জীয়া জনগোষ্ঠী অধিকাৰ সুৰক্ষাৰ বাবে মাত কৰা । ঋ) সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্য ওকালতি কৰিবলৈ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ আৰু আলোচনাচক্ৰত অংশগ্ৰহণ কৰা । ঞ) অসমীয়া জাতীয়বাদৰ হকে সংগ্ৰাম কৰা জাতীয়/জনগোষ্ঠীয় সংগঠনৰ সৈতে উমৈহতীয়া মঞ্চত অসমৰ স্বাৰ্থৰ বাবে অহিংস গণতান্ত্ৰিক প্ৰতিবাদ, আন্দোলন আদিত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰা । ট) গৰীয়া জনবসতিপুৰ্ণ দূৰৱৰ্তী অঞ্চল সমূহত প্ৰয়োজন সাপেক্ষে অসমীয়া মাধ্যমৰ বে-চৰকাৰী বিদ্যালয় স্থাপন কৰি নৱ প্ৰজন্মক শিক্ষিত কৰি তোলাৰ প্ৰয়াস কৰা । ঠ) গৰীয়া লোক সকলৰ মাজত অধ্যয়নৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে সামূহিক পুথিভঁৰাল স্থাপন কৰা । ড) প্ৰাকৃতিক দুৰ্যোগ আদিৰ ফলত হোৱা জৰুৰীকালীন অৱস্থাত সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে সামৰ্থ্য অনুসৰি কাম কৰা । ঢ) বিকাশ, সামাজিক-অধ্যয়ন, সামাজিক-সমস্যা, স্বাস্থ্য, শিক্ষা আৰু কল্যাণৰ দৰে ক্ষেত্ৰ সমূহত গৱেষণা কৰা । ণ) সংগঠনৰ লক্ষ্য-উদ্দেশ্য প্ৰসাৰ আৰু প্ৰচাৰ, দৰিদ্ৰ লোকসকলক বিত্তীয় সহায় আগবঢ়োৱা আদিৰ বাবে যিকোনো চৰকাৰী সংস্থা, কৰ্তৃপক্ষ, ৰাজহুৱা সংস্থা, নিগম, কোম্পানী বা কোনো ব্যক্তিৰ পৰা অনুদান, স্থাৱৰ-অস্থাৱৰ সম্পত্তি, দান, উপহাৰ আদি গ্ৰহন কৰা। ত) ধূমপান, ড্ৰাগক্স আসক্তি, আৰু যৌতুক প্ৰথা আৰু সুৰা সেৱনৰ দৰে সকলো ধৰণৰ অসামাজিক কাৰ্যকলাপৰ নিৰাময় কৰাৰ চেষ্টা কৰা । থ) দৰিদ্ৰ আৰু শাৰীৰিকভাৱে অক্ষম মহিলা, দৰিদ্ৰ আৰু অৰ্থনৈতিকভাৱে পিছপৰা নিবনুৱা যুৱক-যুৱতীসকলক মবাইল আৰু কম্পিউতাৰ মেৰামতি, হস্ততাঁত আৰু হস্তশিল্প আদিৰ দৰে বিভিন্ন বৃত্তিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে সংস্থাপিত কৰিবলৈ চেষ্টা কৰা। দ) এইডছ, কৰ্কট ৰোগ, হেপাটাইটিছ-বি, কোভিড-19 আৰু বিশ্বৰ অন্যান্য জ্বলন্ত সমস্যা যেনে গোলকীয় উষ্ণতা বৃদ্ধি, সন্ত্ৰাসবাদ, আৰু অন্যান্য দেশ আৰু সমাজ বিৰোধী কাৰ্যকলাপৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰা।